মঙলদৈঃ চাঞ্চল্যকৰ গুৱাহাটী দ্বৈত হত্যাকাণ্ডৰ পিছত উত্তৰ-পূব ৰাজ্য অসমত আন এক হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে।
অসমৰ দৰং জিলাত এগৰাকী মহিলাই পুত্ৰৰ সহায়ত স্বামীক হত্যা কৰে।
মাক- পুতেকে বাঁহৰ খুঁটা আৰু ছুৰিৰে হত্যা কৰিলে স্বামী/পিতৃক।
পিছত মৃত লোকজনৰ মৃতদেহ জ্বলাই দিয়া হয় আৰু তেওঁৰ জ্বলি যোৱা অৱশিষ্টখিনি নদীত পেলাই দিয়ে মাক- পুতেকে মিলি।
অসমৰ দৰং জিলাৰ কলাইগাঁৱত এই ঘটনা সংঘটিত হৈছে।
অভিযুক্ত মহিলাগৰাকীক পূৰ্ণিমা নাথ বুলি চিনাক্ত কৰাৰ লগতে অভিযুক্ত পুতেক মিতু নাথ বুলি চিনাক্ত কৰা হৈছে।
ইফালে হোৰুৰাম নাথ নামৰ এজন যুৱককো আটক কৰিছে।
যোৱা ২৩ ফেব্ৰুৱাৰীত অসম আৰক্ষীয়ে নদীৰ পৰা আংশিকভাৱে জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে মাক- পুতেকক আটক কৰে আৰু জেৰাত তেওঁলোকে অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰে।
অসম আৰক্ষীৰ মতে, ১৮ ফেব্ৰুৱাৰীত অভিযুক্তই হত্যা কৰিছিল লোকজনক।
এই গোচৰৰ সৈতে জড়িত অভিযুক্ত মাক- পুতেকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
Discussion about this post