গডমেন আশাৰাম বাপু। সোমবাৰে গুজৰাটৰ গান্ধীনগৰৰ এখন আদালতে আশাৰাম বাপুক ২০১৩ চনত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰিছে।
উল্লেখ্য যে, ২০১৩ ত আশাৰাম বাপুৰ বিৰুদ্ধে তেওঁৰে এগৰাকী মহিলা শিষ্যক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপনেৰে গোচৰ ৰুজু হৈছিল। সেই অভিযোগৰ বিচাৰত আশাৰাম বাপু দোষী সাব্যস্ত হৈছে। ইফালে এই গোচৰৰ সৈতে জড়িত আন ছয়জনক দোষমুক্ত ঘোষণা কৰিছে। এই ছয়গৰাকীৰ মাজত আছে আশাৰাম বাপুৰ পত্নীও।
আহমেদাবাদৰ চান্দখেদা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি, আশাৰাম বাপুৱে ২০০১ চনৰ পৰা ২০০৬ চনলৈ কেইবাবাৰো মহিলাগৰাকীক ধৰ্ষণ কৰিছিল। সেই সময়ত ধৰ্ষিতা মহিলাগৰাকী চহৰৰ উপকণ্ঠত থকা আশাৰাম বাপুৰ আশ্ৰমত বাস কৰিছিল।
Discussion about this post