ডিজিটেল ডেস্ক: ৰুক্মিণীগাঁৱত লোমহৰ্ষক ঘটনা। বৃহস্পতিবাৰে অফলাইন কেব বুক কৰি এজনে লৈ গৈছিল এটা বস্তা।
কেব চালত খগেন দাসৰ গাড়ীত হিতেশ দাস নামৰ লোকজনে কমলপুৰলৈ গৈছিল। কমলপুৰলৈ গৈ হিতেশ দাসে জংঘলত পেলাই দিছিল এটা বস্তা।
তাৰ পাছতেই ঘটনা সন্দৰ্ভত সন্দেহ হয় কেব চালক খগেন দাসৰ। উবেৰ চালকজনে বস্তাটোত কি আছিল বুলি সোধোত হিতেশ দাস নামৰ লোকজনে ‘এজন বন্ধুক মাৰি পেলাই দিছোঁ” বুলি মন্তব্য কৰে।
তাৰ পাছতেই কেবচালক গৰাকী ঘটনা স্থলীৰ পৰা গুৱাহাটী পোৱাৰ লগে লগে কাষ চাপে দিছপুৰ আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তকল গ্ৰেপ্তাৰ কৰে। হত্যাৰ বলি হোৱা লোকজন প্ৰেমনাথ ভূঞা বুলি জানিব পৰা গৈছে। ৰেপিডো চালক হিতেশ দাসৰ ঘৰ নলবাৰী জিলাৰ নিলপুৰত ।
Discussion about this post