শ্ৰদ্ধা ৱালকাৰক কি কাৰণে হত্যা কৰিছে তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱালাই ? আফতাবৰ বিৰুদ্ধে ছয় হেজাৰৰ অধিক পৃষ্ঠাৰ অভিযোগ পত্ৰত, “সেই কাৰণ” জনাইছে দিল্লী আৰক্ষীয়ে।
তেওঁলোকৰ দাবী, ১৮ মে’ত ঘটনাটোৰ দিনা এজন বন্ধুক লগ কৰিবলৈ গৈছিল শ্ৰদ্ধা। যি মানি ল’ব নোৱাৰিলে অভিযুক্ত আফতাবে । সেইকাৰণে তেওঁ হত্যা কৰিলে শ্ৰদ্ধাক।
দিল্লী আৰক্ষীৰ অনুসন্ধানকাৰীসকলে প্ৰথমতে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ বিৰুদ্ধে তিনি হেজাৰ পৃষ্ঠাৰ খচৰা অভিযোগপত্ৰ প্ৰস্তুত কৰিছিল।
অৱশ্যে, চূড়ান্ত অভিযোগপত্ৰ খন ৬,৬২৯ পৃষ্ঠালৈ বৃদ্ধি হৈছে। যুটীয়া আৰক্ষী আয়ুক্ত মিনু চৌধুৰীয়ে কয়,” এজন পুৰণা বন্ধুক লগ কৰিবলৈ গৈছিল শ্ৰদ্ধা । তাক লৈ অসন্তুষ্ট আছিল অভিযুক্ত আফতাব।
যেতিয়া শ্ৰদ্ধা ফ্লেটলৈ ঘূৰি আহে , তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হয় । ইয়াৰ পাছত সেই নিশাই শ্ৰদ্ধাক হত্যা কৰে আফতাবে । ”
শ্ৰদ্ধা আৰু আফতাব দিল্লীৰ মেহৰৌলি অঞ্চলৰ ছত্ৰপুৰৰ এটা ভাড়াঘৰত একেলগে বাস কৰি আছিল। অভিযোগ কৰা হৈছে যে তেওঁ শ্ৰদ্ধাক একেটা ফ্লেটতে শ্বাসৰুদ্ধ কৰি হত্যা কৰে ।
তাৰ পাছত কিছুদিনৰ বাবে, শ্ৰদ্ধাৰ শৰীৰটো ৰাসায়নিক পদাৰ্থ দি ৩৫ টুকুৰা কৰি ধুই ৰেফ্ৰিজেৰেটৰত ভৰাই থৈছিল । অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ পচন প্ৰতিহত কৰিবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছিল। যাৰবাবে তেওঁ আনকি এটা ডাঙৰ ফ্ৰিজও কিনিছিল।
Discussion about this post