বিলাসীপাৰাৰ গেং অৱ ডেভিল কাণ্ডঃ ২জন মূল অভিযুক্তৰ লগতে আন ৭জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
ধুবুৰীৰ বিলাসীপাৰাৰ গেং অৱ ডেভিল কাণ্ডৰ মূল অভিযুক্ত দুজনৰ লগতে আন সাতজনকো আৰক্ষী গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে, গ্ৰেপ্তাৰ কৰা মুঠ ৯গৰাকীৰ ভিতৰত দুগৰাকী মহিলাও আছে। আটাইকেইজনকে আজি মহকুমা আদালতত হাজিৰ কৰোৱা হৈছে।
গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকী অভিযুক্ত মিনহাজুলৰ মাতৃ আৰু ভগ্নী। মহিলা দুগৰাকীয়ে অভিযুক্তক আত্মগোপন কৰাত সহায় কৰিছিল। মহিলা দুগৰাকী ক্ৰমে আয়শা বিবি,(মিনহাজুল কৰিমৰ মাতৃ), জেচমিনা চুলতানা (কৰিমৰ ভগ্নী)।
উল্লেখ্য, বাইক ষ্টাণ্ট কৰি এগৰাকী বৃদ্ধাৰ প্ৰাণনাশ কৰা যুৱকৰ দলটোৱে এই কাণ্ডক লৈ সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি গৰ্ববোধ কৰিছিল।
Discussion about this post