এটি দুখ লগা ঘটনা । চিকিৎসালয়ৰ বিচনাত শুই আছিল তিনিমহীয়া কন্যা । তাৰ কিছু সময় পাছতে বিছনাৰ পৰা শিশুটিক উঠাই আনি চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা মাটিত পেলাই দিলে শিশুটিৰ মাতৃয়ে ।
ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত । অসুস্থ শিশুটো ঘটনাস্থলীতে মৃত্যু হয়।
চিকিৎসালয়ৰ তিনিমহলাৰ পৰা মাতৃয়ে পেলাই দিলে কন্যা শিশুক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শিশুটিৰ মাতৃক গ্ৰেপ্তাৰ কৰে । তেওঁ প্ৰথমতে জনাইছিল, তেওঁৰ সন্তান চিকিৎসালয়ৰ পৰা হঠাতে নিৰুদ্দেশ হয়।
কিন্তু পাছত চিচিটিভি ফুটেজত আৰক্ষীয়ে দেখে , শিশুটিক লৈ চিকিৎসালয়ৰ তৃতীয় মহলাত থকা গেলেৰীৰ ফালে আগবাঢ়ি গৈছে মাতৃ ।
অলপ সময়ৰ পাছতে, তেওঁ খালী হাতেৰে ঘূৰি আহে। ইয়াৰ পাছত, তেওঁ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ নিজৰ অপৰাধ স্বীকাৰ কৰে।
আৰক্ষীয়ে জনাইছে , অভিযুক্তৰ নাম ফাৰজানা বানু মালেক । তেওঁৰ বয়স ২৩ বছৰ। তিনি মাহ আগতে তেওঁ কেঁচুৱাটো জন্ম দিয়ে ।
অৱশ্যে, শিশুটো তেতিয়াৰ পৰাই ৰোগত ভুগি আছিল। যোৱা দুসপ্তাহ ধৰি আহমেদাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কন্যা শিশুটি। শিশুটোৰ মাতৃয়ে আৰক্ষীক জনাই যে তেওঁ কন্যাৰ বেদনা সহ্য কৰিব নোৱাৰি এনে সিদ্ধান্ত ল’লে।
শিশুটো আহমেদাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ আগতে ২৪ দিন ধৰি বৰোদা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
আৰক্ষীক শিশুটিৰ পিতৃয়ে জনাই যে, বৰোদাৰ চিকিৎসকে তেওঁক কয় যে বিষাক্ত পানী খোৱাৰ ফলত এনে হ’ব পাৰে।
Discussion about this post