ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । সংঘৰ্ষ জৰ্জৰিত দেশখনত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাটোত ইউক্ৰেইনৰ গৃহমন্ত্ৰী সহ নিহত হয় ১৬ জন লোক ৷ দুৰ্ঘটনাটোত নিহত হয় তিনিটা শিশুও ৷
আনহাতে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাটোত আহত হয় বহু লোক৷ প্ৰাপ্ত খবৰ অনুসৰি হেলিকপ্টাৰখন ইউক্ৰেইনৰ ৰাজধানী ক্ৰিয়েভৰ সমীপৰ ব্ৰোভেৰী চহৰৰ মাজমজিয়াৰ এখন কিণ্ডাৰগাৰ্টেনত হঠাতে বিধ্বস্ত হৈ ভস্মীভূত হয় ৷
দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খনত আৰোহী হিচাপে আছিল ইউক্ৰেইনৰ গৃহমন্ত্ৰী ডেনিছ মোনাষ্টিৰস্কি৷ উল্লেখ্য যে , গৃহমন্ত্ৰী নিহত ডেনিছক ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে গৃহমন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল।
ইপিনে ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে আৰক্ষী , বিমান বাহিনীৰ লোক সহ উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ৷ ১০ টি শিশু সহ ২২ গুৰুত্বভাৱে আহত লোকক ততাতৈয়াকৈ ব্ৰোভেৰী চহৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে ৷
সন্দেহ কৰা মতে ডাঠ কুঁৱলীৰ বাবে ‘ইউৰোকপ্টাৰ ইচি ২২৫ চুপাৰ পুমা’ নামৰ হেলিকপ্তাৰখন জৰুৰী অৱতৰণৰ বাবে চেষ্টা কৰিবলৈ গৈ মাজ আকাশতে নিয়ন্ত্ৰণহীন হৈ ভূপতিত হয় ৷
Discussion about this post