ধ্বংসস্তূপত পৰিণত তুৰস্কক ২৪ ঘন্টাৰ ভিতৰতে সহায় প্ৰদান কৰে ভাৰতে। ইতিমধ্যে ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।
বৃহস্পতিবাৰে এন.ডি.আৰ.এফ. কৰ্মীয়ে ভূমিকম্প বিধ্বস্ত তুৰস্কত খহি পৰা এটা অট্টালিকাৰ মাজৰ পৰা এটি ৬ বছৰীয়া শিশুক আৰু শুকুৰবাৰে তুৰস্কৰ এটা অট্টালিকাৰ ধ্বংসাৱশেষত মাজত ৪ দিন আবদ্ধ হৈ থকা ১০ দিনীয়া কেঁচুৱা আৰু তেওঁৰ মাতৃক উদ্ধাৰ কৰাৰ লগতে আন ঠাইৰ পৰা কেইবাজনো লোকক খান্দি উলিয়াই আনে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী সকলে ৭ ফেব্ৰুৱাৰীৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে দলটোৱে ধ্বংসাৱশেষৰ পৰা ২ জনক জীৱন্তে আৰু ১৩ টা মৃতদেহ উদ্ধাৰ কৰিছে।
সোমবাৰে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ পাছতেই দুয়োখন দেশৰ সহায়ৰ বাবে ‘অপৰেশ্যন ডোষ্ট’ আৰম্ভ কৰিছে। ১৫২ জন কৰ্মচাৰী লৈ ৩ জনীয়া এটা দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।
২০২১ চনৰ পৰা বৰ্তমানলৈকে অহা সৰ্ববৃহৎ ভূমিকম্পৰূপে পৰিচিত হ’ল তুৰস্কৰ ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প ।
২৪ ঘন্টাৰ ভিতৰতে ভাৰতে সহায়ৰ হাত আগবঢ়োৱা বাবে তুৰস্কই ভাৰতক বন্ধু বুলি অভিহিত কৰিছে। ভাৰতত থকা তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাট চুনেলে নতুন দিল্লীক ধন্যবাদ জনাই টুইটাৰৰ জৰিয়তে তেওঁ কয়, “ড’ষ্ট” তুৰ্কী আৰু হিন্দী ভাষাত এটা সাধাৰণ শব্দ। আমাৰ এটা তুৰ্কী প্ৰবাদ আছে: “দোষ্ট কাৰা গুণ্ডে বেলি ওলুৰ” (প্ৰয়োজনীয় বন্ধু এজন সঁচাকৈয়ে প্ৰকৃত বন্ধু)। ভাৰতক বহুত ধন্যবাদ।”
Discussion about this post