ভয়ংকৰ দুৰ্ঘটনাই অকালতে কাঢ়ি নিলে ৫ জন সুঠাম যুৱকৰ জীৱন।
শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ। শোণিতপুৰৰ বালিপৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। মিট চাপ্লাইৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে AS 12 R 2115 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে৷
দুৰ্ঘটনাত মৃত্যু হোৱা যুৱককেইজনৰ নাম দীপেন বৰা, বিদ্যুৎ নাথ, আকাশদ্বীপ বৰা, ভাইকণ পটংগীয়া আৰু বিশ্বজিৎ। দীপেন বৰাৰ ঘৰ গটঙাত আৰু বিদ্যুতৰ ঘৰ বেছেৰীয়াত বুলি জানিব পৰা গৈছে।
Discussion about this post