নলবাৰীত নৃশংস হত্যাকাণ্ড ! পাষাণ পুত্ৰই হানিখুচি হত্যা কৰিলে জন্মদাত্ৰী মাতৃক
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ। সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পাষাণ পুত্ৰ প্ৰাঞ্জল কলিতাই,(৩২)হানিখুচি হত্যা কৰিলে নিজ মাতৃ পূৰ্ণিমা কলিতাক (৬০)।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে প্ৰাঞ্জল কলিতাই প্ৰায়ে মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈ মাতৃক মাৰধৰ কৰে।
শুকুৰবাৰে নিশাও মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈছিল প্ৰাঞ্জল।
কাজিয়া ইমানেই ডাঙৰ হৈ গৈছিল যে মাতৃক হাচিখুচি হত্যা কৰে।
মাতৃক হত্যা কৰি প্ৰাঞ্জলে ১০৮ সেৱাক মাতি চিকিৎসা লয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইয়াৰ পিচতে স্থানীয় ৰাইজে ঘটনাটো গম পায় হত্যাকাৰীক ধৰি বান্ধি ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিয়ে ।
পাষাণ পুত্ৰই মাতৃ ঘৰৰ ভিতৰত পিছলি পৰি আহত হৈ মৃত্যু হোৱা বুলি ঘটনাটোক গাব দিবলৈ চেষ্টা কৰে।
কিন্তু ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ক্ষত বিক্ষত অৱস্থাত মাতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে ।
মৃতদেহটোৰ কাষত এখন চোকা অস্ত্ৰও স্থানীয় ৰাইজে উদ্ধাৰ কৰে।
Discussion about this post