ঐতিহ্যমণ্ডিত চ’কবজাৰ স্থাপন কৰা হৈছিল ১৯০৮-০৯ চন মানতেই । যোৰহাটবাসীৰ অতি প্ৰিয় চ’কবজাৰ। কিন্তু মুহুৰ্ততেই ইতিহাস হৈ পৰিল যোৰহাটৰ চ’কবজাৰ । অগ্নি নিৰ্বাপক বাহিনীৰ ৪০ খন গাড়ীয়েও ৰক্ষা কৰিব নোৱাৰিলে চ’কবজাৰ । চ’কবজাৰৰ ৪০০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান সকলোৰে বাবে স্মৃতি হৈ পৰিল । ১৬ ফেব্ৰুৱাৰী নিশা ৯.১৫ মান বজাত এখন কাপোৰৰ দোকানত লগা জুয়ে মাত্ৰ দুঘন্টাৰ ভিতৰতেই ছাইত পৰিণত কৰিলে সমগ্ৰ বজাৰখন । চ’কবজাৰৰ বাট-পথ সমূহ অত্যন্ত ঠেক দোকানসমূহৰ মাজত ব্যৱধান অতি কম আছিল ।
ব্যৱসায়ীসকলৰ তথ্য অনুসৰি, প্ৰায় ২০০ কোটি টকাৰো অধিক পৰিমাণৰ ক্ষতি হয় এই অগ্নিকাণ্ডৰ ফলত ।
তথ্য অনুসৰি, ১৯৭৬ চনতো এক বিধ্বংসী অগ্নিকাণ্ডৰ সন্মুখীন হৈছিল চ’কবজাৰ ।
চ’কবজাৰক আকৌ এবাৰ সজাই-পৰাই গঢ়ি তোলা হ’ব কিন্তু সেই ঐতিহ্যমণ্ডিত চ’কবজাৰৰ মাদকতা জানো আমি ঘুৰাই পাম!
Discussion about this post