ঘটনাটো শনিবাৰৰ। জানিব পৰা মতে, শনিবাৰে দিলীপ কুমাৰ নাথৰ একমাত্ৰ পুত্ৰৰ জন্মদিন আছিল।সেই উপলক্ষ্যে তেওঁলোকৰ বীৰকুছিৰ ঘৰত আয়োজন কৰা হৈছিল এক জন্মদিনৰ পাৰ্টী।
এই পাৰ্টীত খাদ্য প্ৰস্তুতৰ বাবে চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ কাংমাই নামৰ ৰিজৰ্টখনৰ তিনিগৰাকী ৰান্ধনীক তেওঁ মাতি নিছিল। নিশা পাৰ্টী শেষ হোৱাৰ পিছত ৰান্ধনী কেইগৰাকীক থবলৈ আহে দিলীপ কুমাৰ নাথে।
গাড়ীৰে তেওঁ ৰান্ধনী কেইগৰাকীৰ সৈতে নিশা প্ৰায় ১২.৩০ বজাত গৈ থকা সময়তে হঠাৎ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ এটা জাকে খেদি আহে তেওঁলোকক। হাতীৰ জাকটোৰ ভয়ত তেওঁলোকে গাড়ীৰ লাইট নুমুৱাই কিছুদূৰ পিছুৱায় যায় যদিও পিছফালেও ৰৈ আছিল দুটা প্ৰকাণ্ড দতাল হাতী।
ৰান্ধনী কেইজনে গাড়ীৰ পৰা নামি দৌৰি গৈ কাষৰ এটা কালভাৰ্টৰ তলত আশ্ৰয় লয়। ৰান্ধনী কেইজনৰ পিছে পিছে অধিবক্তাগৰাকীয়েও গাড়ীৰ পৰা নামি আহে যদিও সেই সময়তে এটা দঁতাল হাতীয়ে আক্ৰমণ কৰে তেওঁক। যাৰ ফলত থিতাতে মৃত্যু ঘটে অধিবক্তা দিলীপ কুমাৰ নাথৰ।
Discussion about this post