প্ৰকৃতিৰ ৰোষত পৰিছে মধ্য প্ৰাচ্যৰ দেশ তুৰস্ক। আজি পুৱাই অহা ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কত পুনৰ আহিল আন এটা ভূমিকম্প। এইবাৰ ভূমিকম্পৰ উৎপত্তিস্থল দক্ষিণ তুৰস্কৰ কাহৰানমাৰাছ প্ৰদেশৰ এলবিস্তান জিলা।
ইউ এছ জি এছৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৬ আৰু ভূমিৰ পৰা ১৮ কিলোমিটাৰ তলত। উল্লেখ্য যে, পুৱা ৪ঃ১৭ বজাত তুৰস্কত ৭.৮ প্ৰাবল্যৰ এক ভূমিকম্পই ধ্বংসলীলা চলাইছিল। য’ত ১৫০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহু হাজাৰ লোক। এই ভূমিকম্পই কেৱল তুৰস্কতেই নহয়, চিৰিয়াটো দামাস্কাচ, লাটাকিয়া আৰু অন্যান্য প্ৰদেশত বিস্তৰ ক্ষতি সাধন কৰিছে।
উল্লেখ্যে যে, এই দুটা ভূমিকম্পৰ উপৰিও আন বহু কেইটা মৃদু কম্পন ঘনিভূত হৈছে তুৰস্কত। তথ্য অনুসৰি, পুৱা প্ৰথমটো ভূমিকম্পৰ ঠিক ১০ মিনিট পিছত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প আহে। ফলত প্ৰথমটো ভূমিকম্পই জোকাৰি যোৱা দেশখনত এই ভূমিকম্পই ধ্বংসলীলা চলায়। সময় বাগৰাৰ লগে লগে মৃত্যুৰ সংখ্য়া বৃদ্ধি হৈ গৈ আছে। আনহাতে ধ্বংসস্তূপৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে বহু লোক।
মধ্য তুৰস্কত 5.6 মাত্ৰাৰ চতুৰ্থ ভূমিকম্পই আঘাত কৰাৰ ফলত ! মৃত্যুৰ সংখ্যা ৪০০০ৰ সীমা অতিক্ৰম কৰিলে, ধ্বংসাৱশেষৰ পৰা জীৱিত লোকক উদ্ধাৰৰ অভিযান চলি আছে।
ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্ক আৰু চিৰিয়ালৈ ভাৰতৰ সহায়ৰ হাত। দেশখনৰ ক্ষতিগ্ৰস্থ লোকসকলক উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰতে অনুসন্ধানকাৰী দল আৰু খাদ্য সামগ্ৰী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে দেশখনক এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সহায়, সহযোগিতা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অনুসৰি তেওঁ প্ৰধান সচিব পি কে মিশ্ৰাই তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ চাউথ ব্লকত এখন বৈঠক অনুষ্ঠিত কৰিছে।
সমান্তৰালকৈ ভাৰতৰ এন ডি আৰ এফৰ দুটা দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ দল আৰু প্ৰয়োজনীয় সঁজুলি, সাহায্য লৈ তুৰস্কৰ ভূমিকম্পপীড়িত এলেকালৈ উৰা মাৰিবলৈ সাজু হৈছে। এই দুয়োটা দলত আছে প্ৰায় ১০০ জন বিষয়া তথা জোৱান।
আনহাতে ভূমিকম্পপীড়িত অঞ্চললৈ ভাৰতৰ প্ৰশিক্ষিত চিকিৎসক আৰু অত্যাৱশ্যকীয় ঔষধৰ সৈতে এটা চিকিৎসা দলো প্ৰেৰণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Discussion about this post