গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত দুজনকৈ লোকৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনাত মৃত্যু হোৱা দুজন লোকৰ ভিতৰত এজন অঞ্চলটোৰ জনপ্ৰিয় প্ৰতিভাৱান ফুটবল খেলুৱৈ মনজিৎ ৰাভা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
Discussion about this post