বিষাক্ত সুৰা সেৱন কৰাৰ ফলত চাৰিজন লোকে কৰুণ মৃত্যুক সাৱটি লোৱা খবৰ জানিব পৰা গৈছে ৷
ৰাজ্য খনৰ চিৱান জিলাত ইতিমধ্যে বিষাক্ত সুৰা সেৱনৰ ফলত কে’বাজনো লোকৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পুনৰ তিনিজন লোকৰ মৃত্যু হৈছে ৷
আনহাতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১২ জনকৈ লোক। আনহাতে এই শোকাৱহ ঘটনাৰ পাছত বিহাৰ আৰক্ষীয়ে আটক কৰিছে দহজনতকৈ লোকক ৷
উল্লেখ্য যে , মৃত্যু হোৱা অধিকাংশৰে মৃত্যুৰ পূৰ্বে প্ৰচণ্ড পেটৰ বিষ আৰু চকুৰ দৃষ্টিশক্তি হেৰাই গৈছিল ৷
মনকৰিবলগীয়া যে চিৱান জিলাত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজভাগত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু মুখত পৰিছিল কমেও ৪২ জনকৈ লোক ৷
Discussion about this post