এযোৰ সাধাৰণ জোতাৰ বাবেই এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়ে কৰিলে আত্মহত্যা । এই মৰ্মান্তিক ঘটনা সংঘটিত হয় মৰিগাঁও জিলাৰ লাহৰীঘাটত । বিহুৰ আনন্দ-উচাহৰ মাজতেই সংঘটিত হয় এই চাঞ্চল্যৰ ঘটনা।
ৰজা গাধোৱা গাঁৱৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক আজি শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত দেখি পৰিয়ালৰ লোকে ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ছাত্ৰী গৰাকীয়ে দেউতাকক এযোৰ জোতা বিচাৰিছিল আৰু জোতা যোৰ কিনি নিদিয়াৰ বাবেই এনে চৰম সিদ্ধান্ত লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
Discussion about this post