গুৱাহাটী থিয়েটাৰ অভিনেতালৈ উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ।
অসমৰ নাট্য অভিনেতা কিছমত বানোক সংগীত নাটক অকাডেমীয়ে অভিনয়ৰ ক্ষেত্ৰত ২০২২ বৰ্ষৰ বাবে উস্তাদ বিস্মিল্লা খান যুৱপুৰস্কাৰ বঁটাৰে সন্মানিত কৰিছে।
শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে বানোক এই বঁটা প্ৰদান কৰে।
৪০ বছৰৰ তলৰ শিল্পীক প্ৰদান কৰা উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ ২০০৬ চনত পৰিবেশন কলাৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ যুৱ প্ৰতিভাক চিনাক্ত কৰি উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যেৰে প্ৰৱৰ্তন কৰা হৈছিল।
কিছমত বানোৱে দেশৰ লগতে বিদেশৰ কেইবাটাও নাট মহোৎসৱত অভিনয় কৰিছে।
তেওঁৰ দুখন নাটক–‘হেলেন’ আৰু ‘বানো’ই দৰ্শকৰ লগতে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ইতিমধ্যে তেওঁ আকাছ, মদ্যহ্যাবৰ্তিনি, যাত্ৰা , দ্য লেচন, কমলা কুৱৰী, হেলেন, পোহৰকে ধৰি ৩০খনতকৈও অধিক নাটকত অভিনয় কৰিছে।
ভাৰত ৰং মহোৎসৱ, নন্দিকাৰ, EZCC, সংগীত নাটক একাডেমী মহোৎসৱ, পৃথ্বী, নেহৰু চেণ্টাৰ, পি ডি এ মহোৎসৱ, কলাক্ষেত্ৰ চেন্নাই, অক্টাভ মহোৎসৱ (গোৱা আৰু ৰাজস্থান) আৰু কাদিৰ আলী বাইগ নাট মহোৎসৱ ইত্যাদি বিভিন্ন নাট মহোৎসৱত কিছমত বানোৱে অংশগ্ৰহণ কৰিছে।
Discussion about this post