বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে চোৰাং চিকাৰীৰ হাতত বন্যপ্ৰাণী নিধনৰ ঘটনা ৷
ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী ৰেঞ্জত চোৰাং চিকাৰীয়ে এটি প্ৰাপ্তবয়স্ক দঁতাল হাতী হত্যা কৰি হাতীটোৰ দাঁত কাটি লৈ যোৱা ঘটনা সংঘটিত হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ পৰা প্ৰায় পাঁচ কিঃমিঃ নিলগৰ চাহাবঘাটত চোৰাং চিকাৰীয়ে নিধন কৰিছে এই হাতীটো৷ হাতীটো কেইদিনমান পূৰ্বেই চিকাৰীয়ে নিধন কৰিছে যদিও বুধবাৰেহে চাহাবঘাটত হাতীটোৰ মৃতদেহ উদ্ধাৰ হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
Discussion about this post