ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সংগীত নাটক একাডেমীৰ বঁটা প্ৰদান।
সংগীত, নৃত্য, নাট্য, পৰম্পৰাগত, লোক, আৰু পুতলা শিল্পৰ ক্ষেত্ৰৰ মুঠ ১২৮ গৰাকী শিল্পীক বঁটা প্ৰদান কৰা হয়।
সংস্কৃতি যে এখন দেশৰ প্ৰকৃত পৰিচয় সেই কথা পৰ্যবেক্ষণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে কয় যে ভাৰতৰ অনন্য পৰিবেশন কলাসমূহে ইয়াৰ অবিশ্বাস্য সংস্কৃতিক যুগ যুগ ধৰি জীয়াই ৰাখিছে।
“আমাৰ কলা আৰু শিল্পীসকল আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাহক। বৈচিত্ৰ্যত ঐক্য আমাৰ সাংস্কৃতিক পৰম্পৰাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য’- ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বঁটা আৰু ফেল’শ্বিপ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়।
অসমৰো ৫ গৰাকী স্বনামধন্য ব্যক্তিয়ে ৰাষ্ট্ৰপতীৰ হাতৰ পৰা গ্ৰহণ কৰিলে সংগীত নাটক একাডেমী বঁটা । দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত ৰাষ্ট্ৰপতীয়ে ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বঁটা আৰু ফেল’শ্বিপ বঁটাসমূহ প্ৰদান কৰে। শিল্প সাধনাৰ সৈতে জড়িত অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিয়ে ২০২১ বৰ্ষৰ আৰু তিনিগৰাকীয়ে ২০১৯ বৰ্ষৰ এই সংগীত নাটক একাডেমী বঁটা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ কাৰণে গুণীন্দ্ৰ নাথ ওজা তথা লোকসংগীত নৃত্যৰ বাবে প্ৰসন্ন গগৈয়ে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ২০২১ বৰ্ষৰ সংগীত নাটক একাডেমীৰ বঁটা গ্ৰহণ কৰে। সত্ৰীয়া নৃত্যৰ বাবে ৰঞ্জুমণি শইকীয়া, নাট পৰিচালনাৰ বাবে অবিনাশ শৰ্মা আৰু অভিনয়ৰ বাবে প্ৰাঞ্জল শইকীয়াই ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ২০১৯ বৰ্ষৰ সংগীত নাটক একাডেমীৰ বঁটা গ্ৰহণ কৰে।
Discussion about this post