ঘণ্টাৰ পাছত ঘণ্টাৰ যান-জঁটৰ পৰা পাব ৰেহাই। নিমিষতে এক অঞ্চলৰ পৰা আন অঞ্চললৈ উৰা মাৰিব পাৰিব ইলেকট্রিক ফ্লায়িং টেক্সিৰে।
ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’ল’জি (আইআইটি) মাদ্ৰাছৰ এক ষ্টাৰ্টআপ সংস্থাই বাস্তৱতে এখন উৰন্ত টেক্সি নির্মাণ কৰি উলিয়ালে ।
বাংগালুৰুত অনুষ্ঠিত এৰ’ ইণ্ডিয়া প্ৰদৰ্শনীত এই উৰন্ত টেক্সিৰ এক মডেল প্ৰদৰ্শন কৰিলে ইপ্লেন নামৰ ষ্টার্টআপ প্রতিষ্ঠানে।
এবাৰ বেটাৰী চার্জ কৰিলে এই উৰন্ত বাহনে ১৫০ – ২০০ কিলোমিটাৰলৈকে উৰা মাৰিব পাৰিব। ইপ্লেনে দাবী কৰা অনুসৰি চাৰিচকীয়া গাড়ীৰ তুলনাত বৈদ্যুতিক উৰন্ত টেক্সিৰ গতি প্রায় ১০ গুণৰ অধিক।
Discussion about this post