এখন চেল্ফীৰ বাবে এগৰাকী জনপ্ৰিয় কন্ঠ শিল্পী চনু নিগমৰ ওপৰত আক্ৰমণৰ !
চেম্বুৰত আয়োজিত হৈ থকা চেম্বু সমাৰোহৰ অন্তিম দিনৰ অনুষ্ঠানত মঞ্চত গীত পৰিৱেশনৰ অন্ত পেলায় মঞ্চৰ পৰা নামি অহা সময়তে হয় ঘটনাটো ৷ ছনু নিগমৰ স’তে এজন অনুৰাগীয়ে চেল্ফী ল’বলৈ আগ্ৰহ প্ৰকাশ কৰাত নিগমে বাধা প্ৰদান কৰে ৷ ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে ইয়াৰ মাজতে অনুৰাগীজনে ছনু আৰু তেওঁৰ মেনেজাৰ সহ আন এজন যন্ত্ৰসংগীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ হতাহতিৰ মাজতে চিৰিৰ পৰা বাগৰি আহত হয় চনু নিগম।
উল্লেখ্য যে, ছনু নিগমক আক্ৰমণ কৰা স্বপীল প্ৰকাশ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ বিধায়কৰ পুত্ৰ ৷ চনু নিগমে দিয়া এজাহাৰৰ ভিত্তিত বিধায়কজনৰ পুত্ৰ স্বপীল প্ৰকাশক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
Discussion about this post