মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ ঘটনা। উল্লেখ্য যে, সম্পত্তিৰ বাবেই পৈশাচিক তৃপ্তিৰে বন্দনা কলিতা দে নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা- টুকুৰ কৰি মেঘালয়ৰ ডাউকী সহ বিভিন্ন স্থানত পেলাই দিছিল। লগ দিছিল পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু তেওঁৰ বন্ধু অৰূপ দাসে বৰ্বৰ হত্যাকাণ্ডত।
সোমবাৰে তিনিও অভিযুক্তক লগত লৈ আৰক্ষীয়ে মেঘালয়ৰ চেৰাপুঞ্জীৰ অভিযান চলাই উদ্ধাৰ কৰিছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহৰ অৱশিষ্ট অংশবিশেষ। কিন্তু উদ্ধাৰ হোৱা নাছিল বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ।
এনে প্ৰেক্ষাপটত মঙলবাৰে পুৱাই পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছিল আৰক্ষীৰ দলটো ঘাতক বন্দনাসহ দুই সহযোগীক লৈ দ্বিতীয়বাৰৰ বাবে। অভিযানত চুবুৰীয়া ৰাজ্যখনৰ ডাউকী পথৰ দাঁতিত আৰক্ষীৰ দলে অমৰজ্যোতিৰ মূৰ-হাত-ভৰিৰ অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ তদন্তৰ মাজতে বন্দনাৰ আচৰণে আচৰিত কৰি তুলিছে আৰক্ষীক। স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা- টুকুৰকৈ কাটিবলৈ এবাৰো হাত নকঁপা বন্দনাৰ মুখমণ্ডলত নাছিল কোনো অনুশোচনাৰ চিন। মৃতদেহৰ সন্ধানত ডাউকীত চলোৱা অভিযানকলত অতি সাধাৰণভাবেই আৰক্ষীক ভিন্ন স্থান দেখুৱাই গৈছিল বন্দনা।
Discussion about this post