অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া – ইউক্ৰেইন যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ব। কিন্তু স্তব্ধ হোৱা নাই ৰাছিয়া ।
এই যুদ্ধ অব্যাহত থকাৰ মাজতেই মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন উপস্থিত হৈছিল ইউক্ৰেইনৰ ৰাজধানী কিয়েভত।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিৰ লগত আলোচনাত মিলিত হোৱাৰ কেইঘন্টামানৰ পিচতে আকৌ একপ্ৰকাৰে বিশ্বযুদ্ধৰ হুংকাৰ দিলে পুটিলে । জ’ বাইডেনে ইউক্ৰেইনত উপস্থিত হোৱা ঘটনাত ক্ষুণ্ণ হৈ আমেৰিকাৰ সৈতে থকা পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ চুক্তি একপ্ৰকাৰে বাতিল কৰা বুলি ঘোষণা কৰে পুটিনে । আমেৰিকা সৈতে থকা পাৰমাণৱিক অস্ত্ৰৰ ‘নিউ ষ্টাৰ্ট’ চুক্তিখনৰ পৰা আঁতৰিল পুটিনৰ দেশ – নামানে নতুন পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ প্ৰতিবদ্ধকতা। পুটিনে ক’লে আমি যুদ্ধ নিবিচাৰো যদিও আমেৰিকাসহ পশ্চিমীয়া দেশসমূহে আমাক যুদ্ধৰ মাজলৈ ঠেলি দিছে – এয়া হ’ব আমাৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ।
ৰাছিয়া – ইউক্ৰেইনৰ এই যুদ্ধত ইউক্ৰেইনৰ হৈ যুদ্ধ কৰি আছে বহু ছদ্মবেশী সৈনিকে । ৪১ বছৰীয়া অ’লেকজেণ্ডাৰ ছামছুৰ তাৰে ভিতৰত এজন, দিনৰ ভাগত এজন সাধাৰণ চেলুনত নাপিতৰ কাম কৰে। নিশা হ’লেই তেওঁ পৰিণত হয় ছদ্মবেশী ‘ড্ৰ’ন চিকাৰী’ত। অ’লেকজেণ্ডাৰৰ দৰে হেজাৰ হেজাৰ ইউক্রেনীয় নাগৰিকে বিগত প্রায় এবছৰ ধৰি এইদৰেই দেশৰ হকে গোপনে যুদ্ধ অব্যাহত ৰাখিছে।
সম্প্ৰতি অ’লেকজেণ্ডাৰ ইউক্ৰেইনৰ স্থলবাহিনীৰ সদস্য। প্রতিদিনেই অসংখ্য ৰুছ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন গুলি কৰি ধ্বংস কৰি আছে ইউক্রেইনৰ সেনা বাহিনীয়ে। এতিয়াও বহুতো সাধাৰণ মানুহে ইউক্রেইনৰ স্থলবাহিনীত যোগদান কৰিছে। এইসকলৰ কোনোবা যদি ব্যৱসায়ী, আন কোনোবা আকৌ আইনজীবী। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত মেচিনগান আৰু অন্যান্য অস্ত্র মেৰামতি কৰি তেওঁলোকক দিয়া হৈছে। এই অস্ত্ৰৰ সাহায্যতে ড্ৰ’ন গুলি কৰি নমাই আছে তেওঁলোকে। অ’লেকজেণ্ডাৰে কয়, ‘মই অত্যন্ত আনন্দিত। কাৰণ মই দেশৰ হকে যুদ্ধ কৰিছো। দেশৰ মানুহক ৰক্ষা কৰিছো।’
Discussion about this post