হাৰিয়ানাৰ ফৰিদাবাদৰ আন্তঃৰাষ্ট্ৰীয় সুৰজকুন্দ মেলাত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প।
হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ সুৰজকুন্দ মেলাত মাজুলীৰ মুখাশিল্পৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেলা খনৰ কৰ্তৃপক্ষই। হস্ত নিৰ্মিত কাৰুকাৰ্যৰ শিল্প কলাৰ প্ৰদৰ্শনীৰ বাবে যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা অহা ১৯ ফেব্ৰুৱাৰীলৈকে চলিব লগীয়া ৩৬ সংখ্যক সুৰযকুন্দ মেলাত এইবাৰো দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে। মেলাত হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰী, হস্ত-তাঁতৰ বস্ত্ৰ ইত্যাদি প্ৰদৰ্শিত হৈছে।
চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰই প্ৰদৰ্শন কৰা মুখাই পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ দলটোক নেতৃত্ব দিছে চামগুৰি সত্ৰৰ মুখাশিল্পী ধীৰেন গোস্বামীদেৱে।
হাৰিয়ানাৰ ফৰিদাবাদত প্ৰতি বছৰে এই মেলা আয়োজন কৰা হয় ফেব্ৰুৱাৰী মাহৰ প্ৰথমাৰ্ধত। এই মেলাখন প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত অনুষ্ঠিত হৈছিল।
এইবাৰৰ সুৰযকুন্দ মেলাৰ থ্ৰীম ষ্টেট হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আৰু সহযোগী দেশ হৈছে চাংঘাই কৰ্পৰেছন অৰ্গেনাইজেছন।
Discussion about this post