আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰ।
শেহতীয়াকৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুধৰ্ষ ডকাইত তথা গুৱাহাটীৰ পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ আৰক্ষীৰ গুলীত নিহত হৈছে।
শনিবাৰে পুৱতি নিশা সোণাপুৰত আৰক্ষীয়ে উপায়ন্তৰ হৈ দুধৰ্ষ ডকাইতটোক গুলীচালনা কৰিবলৈ বাধ্য হয়। আঘাতপ্ৰাপ্ত অৱস্থাত জিএমচিএইচত ভৰ্তি কৰে যদিও চিকিৎসকে ডকাইতটোক মৃত ঘোষণা কৰে। শ্বাহ আলমৰ বুকুত দুটাকৈ গুলী লাগে বৰ্তমান দুৰ্ধৰ্ষ অপৰাধীক GMCHৰ মৰ্গত ৰখা হৈছে।
উল্লেখনীয় যে, বৃহস্পতিবাৰে হেণ্ডকাফসহ শ্বাহ আলমে পলাবলৈ চেষ্টা কৰিছিল। সাতগাওঁ আৰক্ষীৰ এটা দলে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটোৰ সন্ধানত বৃহস্পতিবাৰে নিশা শ্বাহ আলমক লৈ পাঞ্জাবাৰীৰ বতাহঘূলিলৈ গৈছিল ৷ এই তদন্তৰ বাবে যোৱাৰ সময়তে দুৰ্ধৰ্ষ অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পলায়ন কৰিছিল।
বিগত ৬ ফেব্ৰুৱাৰীত শ্বাহ আলমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ১০ ফেব্ৰুৱাৰীত লকআপৰ ভিতৰতে শ্বাহ আলম তালুকদাৰে আত্মহত্যাৰ চেষ্টা চলাইছিল ৷
আৰক্ষীৰ তথ্য অনুসৰি, পূৰৱী ডায়েৰীৰ ধন বেংকত জমা দিবলৈ যোৱা ৰঞ্জিত বৰাৰ পৰা বেগ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল ডকাইত আলমে। কিন্তু ৰঞ্জিত বৰাই কোনো কাৰণত বেগ এৰি দিবলৈ অমান্তি হোৱাত তেওঁক আলমে গুলীচালনা কৰিছিল ৷
Discussion about this post