চান্দমাৰীৰ কুশল নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে। কেইমাহ মান পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।
২৫ বছৰীয়া যুৱক বাবুল আহমেদ ওৰফে ৰুবুলৰ বিৰুদ্ধে উত্থাপন হৈছিল ধৰ্ষণৰ অভিযোগ।
জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বাবুলে ধৰ্ষণ কৰিছিল কিশোৰী গৰাকীক আৰু তাৰ পাছতেই কিশোৰী গৰাকীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ।
অভিযুক্ত বাবুলে মাছৰ বেপাৰ কৰি গুৱাহাটীত বসবাস কৰি আছিল বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পাছতেই চান্দমাৰী আৰক্ষীয়ে ধৰ্ষণৰ ঘটনাত জড়িত অভিযুক্ত বাবুলক গ্ৰেপ্তাৰ কৰে বৰপেটাৰ বাঘবৰ মহৰিপাম গাঁৱৰ পৰা। ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়াল থকা চৌহদতে ভাড়াতীয়া ৰূপে আছিল বাবুল।
Discussion about this post