বিশ্ব ৰেডিঅ’ দিৱসত স্থানীয় ৰেডিঅ’ গপ্-শ্বপ্ বিশ্ব দৰবাৰলৈ…
(Gup-Shup Radio 94.3 FM ৰ উদ্যোগত অসমৰ সংগীত, সংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰ কৰি বিশ্বজুৰি অসমীয়া সমাজৰ সৈতে সংযোগ স্থাপনৰ বাবে উত্তৰ-পূবৰ প্ৰথমটো ইণ্টাৰনেট ৰেডিঅ’ মুকলি কৰা হৈছে।)
(অসম, ভাৰত) – Radio Gup-Shup 94.3 FM ক বিশ্বব্যাপি প্ৰসাৰ কৰাৰ পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ বাৰ্তা গপ্-শ্বপ্ পৰিয়ালে বিশ্ব ৰেডিঅ দিৱসৰ দিনা অতি উৎসাহেৰে ঘোষণা কৰিছে।
যোৱা এটা দশকতকৈও অধিক সময় Gupshupএ অসমীয়া ৰাইজক স্হানীয় বিষয়বস্তুৰে সমৃদ্ধ অনুষ্ঠান যুগুতাই আহিছে। এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম Internet Radio হিচাপে Mobile আৰু Internet সংযুক্ত যন্ত্ৰৰ সহায়ত Radio Gupshup ভাৰত তথা বিশ্বৰ যিকোনো প্ৰান্তৰ প্ৰতিজন অসমীয়াৰ বাবে অনবদ্য অংগ হৈ পৰিব।
পৰিচালন সঞ্চালক প্ৰতীক বৰদলৈয়ে কয় যে – “আমি আমাৰ শিপাৰ সৈতে সংযুক্ত হৈ থকাৰ গুৰুত্ব বুজি পাও, বিশেষকৈ প্ৰবাসী অসমীয়াৰ কথা। সেয়েহে আমি অতি আনন্দৰে ঘোষণা কৰিবলৈ বিচাৰিছোঁ যে আমি অতি সোনকালে অন্যান্য আঞ্চলিক ভাষালৈও Internet Radio ৰ সম্প্ৰসাৰণ কৰিম। ”
কোনো বাধা অবিহনে, বিজ্ঞাপন প্ৰচাৰ নকৰাকৈ Spotify বা Apple music ৰ সমপৰ্য্যায়ৰ শব্দ মানদণ্ডৰে Internet Radio ত ২৪/৭, বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা শ্ৰোতাই শ্ৰেষ্ঠ অসমীয়া গীত আৰু বিষয়বস্তু শুনিব পাৰিব।
সংগীতৰ উপৰিও শ্ৰোতাসকললৈ প্ৰতি সপ্তাহত আকৰ্ষণীয় অসমীয়া প’ডকাষ্টো আগবঢ়োৱা হ’ব, য’ত বুঢ়ী আইৰ সাধুৰ দৰে জনপ্ৰিয় লোককথা, সাহিত্য আৰু অসমীয়া বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ আদি সন্নিবিষ্ট কৰা হ’ব। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ আপোন অসমীয়া কণ্ঠক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত এখন মঞ্চ প্ৰদান কৰা আৰু অসমীয়া জাতিক বিশ্বজুৰি একত্ৰিত কৰি ৰখা।
ৰেডিঅ’ গপ্-শ্বপৰ Cluster Programming Head RJ Mandyয়ে কয় যে “আমি আমাৰ শ্ৰোতাই কৰা সহায়ৰ বাবে কৃতজ্ঞ আৰু আমাৰ বিশ্বব্যাপী প্ৰসাৰতাৰ জৰিয়তে অসমীয়া সমাজৰ সেৱা আগবঢ়াই যাবলৈ আগ্ৰহী। আমাৰ ৱেবছাইটত Gupshup Internet Radio ৰ সৈতে সংযুক্ত হৈ এক নতুন অধ্যায়ৰ অংশ হওক।”
Gup-Shup Internet Radio শুনিবলৈ website, www.gupshupradio.com লৈ গৈ ৰেডিঅ’ প্লেয়াৰত play button press কৰক৷
মিডিয়া যোগাযোগ:
কৌশিক গগৈ
ব্যৱসায়িক মুৰব্বী, গপ্-শ্বপ্ ৰেডিঅ’
+৯১ ৯৮৬৪১ ৯২৭৯৬
Discussion about this post