অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছ’চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথ (SPIC MACAY)ৰ সহযোগিতাত ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী “শ্ৰুতি অমৰুত” কার্যক্ৰম আগবঢ়াব। স্পিক-মেকে হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত, নৃত্য, সংস্কৃতিক যুৱক-যুৱতীসকলৰ মাজত প্ৰচাৰ কৰা এক অ-লাভজনক সংস্থা।
১৯৭৭ চনত ড° কিৰণ ছেথে আই আই টি দিল্লীত প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে ভাৰতীয় শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য, লোকসংগীত, যোগ, ধ্যান, শিল্পকলা আৰু অন্যান্য দিশৰ প্ৰচাৰৰ কাম কৰি আহিছে। অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব দুদিনীয়া কাৰ্যসূচী। প্ৰথম দিন ১৭ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয় চৌহদত ৱাৰ্চি ব্ৰাদাৰ্চৰ কাৱালি আৰু চিকিমৰ লোকশিল্পীৰ দ্বাৰা চিংহি লোকনৃত্য পৰিবেশন কৰা হ’ব৷
দ্বিতীয় দিন ১৮ ফেব্ৰুৱাৰিত গুৱাহাটীৰ আই টি এ প্ৰাগজ্যোতিত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া আৰু উস্তাদ শ্বাহিদ পাৰভেজ খানৰ ক্ৰমে বাঁহী আৰু চেতাৰৰ অনুষ্ঠান আগবঢ়োৱা হ’ব।
Discussion about this post