এক চাঞ্চল্যকৰ ঘটনা – মঙলবাৰে দক্ষিণ পশ্চিম দিল্লীৰ নাজাফগড়ৰ মিতৰাওন গাঁৱৰ এখন ধাবাত ফ্ৰীজৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী ২৫ বছৰীয়া মহিলাৰ মৃতদেহ।
দিল্লীৰ উত্তম নগৰ অঞ্চলৰ বাসিন্দা আছিল মহিলাগৰাকী।
আৰক্ষীৰ মতে, সন্দেহজনক হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে চাহিল গাহলট নামৰ ধাবাৰ মালিকক।
অতিৰিক্ত ডিচিপি (দ্বাৰকা) বিক্ৰম সিঙে জনোৱা মতে, অভিযুক্ত আৰু ভুক্তভোগীৰ সম্পৰ্ক আছিল।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে গহলটে ১০ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল আৰু দীৰ্ঘদিন ধৰি সম্পৰ্কত থকাৰ বাবে মহিলাগৰাকীয়ে আপত্তি কৰিছিল ।
এই কথাত ক্ষুব্ধ হৈ অভিযুক্তই তাইক হত্যা কৰি মৃতদেহটো ফ্ৰীজৰ ভিতৰত লুকুৱাই নিজৰ ধাবাত ৰাখিছিল। তেওঁ লগতে কয়, ‘এই কাণ্ডটো প্ৰায় দুদিনৰ পৰা তিনিদিন পূৰ্বে সংঘটিত হৈছিল।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
Discussion about this post