মুম্বাইৰ সংগীত ক্ষেত্ৰখনত স্বপ্ৰতিভাই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় কন্ঠশিল্পী নিলোৎপল বৰালৈ চলিতবৰ্ষৰ বাবে ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰ বাবে মনোনিত কৰে গুৱাহাটীৰ আৰোহণ ন্যাসে৷
ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত গঠিত আৰোহণ ন্যাসে অহা ২০ ফেব্ৰুৱাৰীত এই বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব শিল্পী গৰাকীক ৷
উল্লেখ্য যে , বটাঁটিত আছে নগদ ২৫ হেজাৰ টকা, গামোচা, মানপত্ৰ, স্মাৰকৰ লগতে কিতাপৰ টোপোলা।
শিল্পী নিলোৎপল বৰাৰ পূৰ্বে ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটা দিয়া হৈছিল কন্ঠশিল্পী অনিন্দিতা পাল,কবি মণিকা দাসক ।
শিল্পী গৰাকীৰ সংগীত যাত্ৰাৰ আটাইতকৈ জনপ্ৰিয় গীত “মাজুলী”।
অসমৰ কণ্ঠশিল্পী নিলোৎপল বৰাই ‘Dhaaga’ গীতৰ বাবে IWMBuzz ডিজিটেল বঁটাও লাভ কৰে।
“Yeh Meri Family” ৰ বাবে তেওঁ প্ৰথম হিন্দী গীত গায়।
Discussion about this post