এক চাঞ্চল্যকৰ ঘটনা মঙলবাৰে গুৱাহাটীৰ গীতনগৰ থানাৰ অ’চি আদিত্য দেউৰীক আক্ৰমণ কৰাৰ অভিযোগত তিনিজন আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হয়।
গীতানগৰৰে ক্ৰিষ্টেল বাৰত নিশা সুৰাপান কৰি আহি তিনি আৰক্ষীয়ে দেউৰীৰ লগত প্ৰথমে তৰ্কাতৰ্কি কৰে ৷ পাছত তিনি সুৰাপায়ী জোৱানে শিলৰে অ’চি গৰাকীক প্ৰহাৰ কৰে ৷
আটকাধীন আৰক্ষী জোৱানকেইজন হৈছে গুৱাহাটীৰ কৃষ্ণনগৰৰ জিন্টু ডেকা, গোলাঘাটৰ পৰা ৰোহন মৰাং, আৰু কাছাৰৰ পৰা বিক্ৰমজীত বৰ্মন, আটাইকেইজনেই প্ৰশিক্ষাৰ্থী আৰক্ষী আছিল।
Discussion about this post