ভাৰতীয় ভূতাত্ত্বিক জৰীপে ১০ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ঘোষণা কৰে যে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল-হাইমানা অঞ্চলত অনুমানিক ৫৯ লাখ টন লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে, যিটো দেশৰ ভিতৰতে প্ৰথম।
“লিথিয়াম জটিল সম্পদৰ শ্ৰেণীত পৰে যিটো আগতে উপলব্ধ নাছিল” সেয়ে ভাৰত ১০০% আমদানিৰ ওপৰত নিৰ্ভৰশীল হব লগা হৈছিল।
কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলে কয় যে এই আৱিষ্কাৰে ইলেক্ট্ৰিক গাড়ী, স্মাৰ্টফোন, আৰু লেপটপৰ বাবে ৰিচাৰ্জযোগ্য বেটাৰী নিৰ্মাণত সহায় কৰিব । বৰ্তমান ভাৰতে লিথিয়াম, নিকেল, কোবাল্টৰ দৰে খনিজ পদাৰ্থ বিভিন্ন দেশৰ পৰা আমদানি কৰি আহিছে।
অনুমান অনুসৰি ২০৩০ চনৰ ভিতৰত লিথিয়ামৰ চাহিদা তিনিৰ পৰা চাৰি মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাব।
Discussion about this post