মহানগৰীৰ হাতীগাঁৱস্থ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ লখিমী নগৰৰ সংযোগ পথৰ হাউচ নং ৪ মিৰক্কল ৰিহেব চেন্টাৰৰ দুই আবাসীৰ প্ৰচণ্ড কাজিয়াৰ পৰিণতিত এজন থিতাতে মৃত্যু হয় ৷
আমিনুৰ হুছেইন বিগত বহু বছৰ ধৰি নিচামুক্তি কেন্দ্ৰটোত আছিল ৷ আমিনুৰ হুছেইনে সোমবাৰে অৰিন্দম খাইণ্ডৰ স’তে প্ৰথমে তৰ্কাতৰ্কি পাছত হাতত চোকা অস্ত্ৰৰে উপযুপৰি প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় অৰিন্দমৰ৷
ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে হত্যাকাৰী আমিনুৰ হুছেইনৰ লগতে ৰিহেবিলিটেচন চেন্টাৰৰ স্বত্বাধিকাৰ ভৰদ্বাজ বৈশ্য আৰু কৌশিক হাজৰিকাক আটক কৰে ৷
Discussion about this post