‘দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন’ভেছন বঁটা ২০২৩’। মেঘালয়ৰ যুৱক গৌতম গুৰুমক প্ৰদান কৰা হয়।
প্রয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী আৰু উদ্ভাৱক।তেওঁ উদ্ভাৱন কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰই ভাৰতক ক্ৰমবিকশিত হোৱাত সহায় কৰি আহিছে । আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান মহলে তেওঁক প্ৰতিবছৰে স্মৰণ কৰে আৰু সমাজ পৰিৱৰ্তনৰ হকে উন্নত উদ্ভাৱন কৰা নতুন উদ্ভাৱকক তেওঁৰ নামত বঁটা প্ৰদান কৰা হয়।
১১ আৰু ১২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘উদ্ভাৱণ উৎসৱ’ বিভিন্ন আকৰ্ষণীয় সঁজুলি প্ৰদৰ্শিত হৈছিল। এইবাৰৰ বিজয়ী মেঘালয়ৰ যুৱক গৌতম গুৰঙ কভিড মহামাৰীক মোকাবিলা কৰিবলৈ স্বয়ংক্ৰীয় চেনিটাইজ ব্যৱস্থা সংম্বলিত বাহন তৈয়াৰ কৰি প্ৰদৰ্শন কৰিছিল। এই সজুলি বিধৰ মূল্য ২০০০.০০ পৰা ৩০০০.০০ হেজাৰ টকা মাত্ৰ।
এইবাৰৰ ‘উদ্ভাৱণ উৎসৱ’ ত পশ্চিম বংগ আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৩২ টা উদ্ভাৱনী প্ৰকল্পই অংশ লৈছিল।
Discussion about this post