লিওনাৰ্ডো উইলহেম ডিকেপ্ৰিঅ’ এজন আমেৰিকান অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বায়’পিক আৰু পিৰিয়ড ফিল্মৰ আগশাৰীৰ ব্যক্তি হিচাপে পৰিচিত তেওঁ একাডেমী বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, তিনিটা গোল্ডেন গ্ল’বকে ধৰি বহুতো প্ৰশংসা লাভ কৰি আহিছে।
এইজন লিওনাৰ্ডো ডিকেপ্ৰিঅ’ই বৃহস্পতিবাৰে ৰাজ্যত গঁড় চোৰাং চিকাৰৰ অন্ত পেলোৱাৰ বাবে অসম চৰকাৰৰ সফল প্ৰচেষ্টাক প্ৰশংসা কৰে।
‘টাইটানিক’ৰ তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টত এক বাতৰিৰ উদ্ধৃতি দি লিখিছে, “In 2021, the government of the Indian state of Assam set out to end the poaching of the Endangered Greater One-Horned Rhinoceros in Kaziranga National Park following the killing of around 190 animals for their horns between 2000 and 2021. In 2022, they met their goal and no rhinos were poached in the area for the first time since 1977.”
Discussion about this post