এই ৯ বছৰীয়া ভাৰতীয়-আমেৰিকান শিশুটি ‘বিশ্বৰ আটাইতকৈ উজ্জ্বল’ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অন্যতম
আমেৰিকা যুক্তৰাষ্ট্ৰৰ Johns Hopkins Center for Talented Youth (CTY) য়ে ‘বিশ্বৰ অন্যতম উজ্জ্বল’ ছাত্ৰী হিচাপে নিৰ্বাচিত কৰিছে এগৰাকী ৯ বছৰীয়া ভাৰতীয়-আমেৰিকান স্কুলীয়া ছাত্ৰী ছামেধা ছাক্সেনাক। নিউয়ৰ্ক চহৰৰ বেটাৰী পাৰ্ক চিটি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰগৰাকীক গ্ৰেড ৪ স্তৰৰ ওপৰৰ পৰীক্ষাত মূল্যায়ন কৰা হৈছিল, যিটো পৰীক্ষা CTY য়ে সমগ্ৰ বিশ্বৰ উন্নত ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিবলৈ আৰু তেওঁলোকৰ শৈক্ষিক ক্ষমতা বিশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।
বিশ্ববিদ্যালয়খনৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি ছামেধাই ৭৬খন দেশৰ ১৫,৩০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে ২০২১-২২ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অংশগ্ৰহণ কৰা মুঠ শিশুৰ ভিতৰত ২৭ শতাংশতকৈও কম শিশুৱে তেওঁলোকৰ নম্বৰ অনুসৰি উচ্চ বা গ্ৰেণ্ড অনাৰ্ছ লাভ কৰে।
SAT (পূৰ্বতে Scholastic Aptitude Test), ACT, School and College Ability Test, বা CTY Talent Search ৰ অংশ হিচাপে লোৱা অনুৰূপ মূল্যায়নত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰডিজিক স্বীকৃতি দিয়া হৈছিল। ২০২২ চনত ৮ বছৰ বয়সত এই কাৰ্যসূচীৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া সকলৰ ভিতৰত অন্যতম হোৱাৰ পিছত এই সন্মান লাভ কৰে।
চিটিআইৰ কাৰ্যবাহী সঞ্চালক Dr Amy Shelton য়ে এই স্বীকৃতি ‘salute to the students’ love for learning and all the knowledge they have accumulated in their young lives so far’. বুলি উল্লেখ কৰি অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ল’ৰা-ছোৱালীবোৰৰ বাবে এক ৰোমাঞ্চকৰ ভৱিষ্যত অপেক্ষা কৰি আছে, যিয়ে নিজৰ সম্ভাৱনাক ব্যৱহাৰ কৰি নিজৰ আবেগক অনুসৰণ কৰিব, উল্লেখযোগ্য সপোন সাধন কৰিব আৰু সমাজখনক উপকৃত কৰিব।
Discussion about this post