ঘটনাটো উৰিষ্যাৰ কোৰাপুটৰ।
৩৫ বছৰীয়া চামুলু নামৰ এজন লোকৰ পত্নী ‘গুৰু’ কিছু দিনৰ পৰা অসুস্থ হৈ আছিল। চামুলুয়ে তেওঁৰ পত্নীক চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰে ।
গুৰুক তাতে কিছুদিন চিকিৎসা কৰা হয় । কিন্তু দুদিন আগতে, চিকিৎসালয় কৰ্তৃপক্ষই চামুলুক জনাইছিল যে তেওঁৰ পত্নীয়ে চিকিৎসাৰ প্ৰতি সঁহাৰি দিয়া নাই। সেইবাবে ৰোগীক ঘৰলৈ নিবলৈ ক’লে চিকিৎসালয়ে ।
চামুলু য়ে তেওঁৰ অসুস্থ পত্নীক চিকিৎসালয়ৰ পৰা এখন অট’ত ঘৰলৈ লৈ গৈ আছিল। কিন্তু কিছু দূৰ যোৱাৰ পাছতে তেওঁৰ পত্নীয়ে মৃত্যুবৰণ কৰে । মহিলাগৰাকীৰ মৃত্যুৰ পাছত, অট’ চালকজনে জনাই যে তেওঁ আৰু যাব নোৱাৰে ।
চামুলুৰ ঘৰ চিকিৎসালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত। খালী ৰাস্তাত কোনো বাহন নেদেখি চামুলুৱে অৱশেষত পত্নীৰ মৃতদেহ কান্ধত লৈ ৮০ কিলোমটাৰ পথ অতিক্ৰম কৰে। গাওঁখন পাবলৈ মাত্ৰ ২০ কিলোমিটাৰ বাকী আছিল। আৰক্ষীয়ে তথ্য পাই যে এজন লোকে কান্ধত মৃত পত্নীৰ শৰীৰ লৈ ৰাস্তাৰ কাষেৰে খোজ কাঢ়ি আছে । ইয়াৰ পাছত, আৰক্ষীয়ে চামুলুৰ বাবে এম্বুলেন্স এখনৰ ব্যৱস্থা কৰি দিয়ে।
Discussion about this post