India Post Office Recruitment 2023: বিজ্ঞপ্তি অনুসৰি, মুঠ ৪০,৮৮৯টা খালী পদ আছে।
ইণ্ডিয়া পোষ্ট অফিচৰ তৰফৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক পদত নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়া পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।
আবেদনৰ তাৰিখ : বিজ্ঞাপন অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ১৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে অফলাইন আবেদন পত্ৰ জমা দিব লাগিব। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত পাব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব।
আবেদন পদ্ধতি : প্ৰাৰ্থীসকলে প্ৰথমে অফিচিয়েল ৱেবছাইট www.indiapostgdsonline.gov.in লৈ গৈ নিজৰ নাম ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াৰ পিছত আবেদন ফীজ প্ৰদান কৰি আবেদন পত্ৰৰ সৈতে প্ৰয়োজনীয় নথি – আপলোড কৰিব লাগিব। ইয়াৰ পিছত নিৰ্দিষ্ট পদ নিৰ্বাচন কৰি আবেদন পত্ৰ পূৰণ কৰিব লাগিব।
বয়সৰ সীমা : বিজ্ঞপ্তি অনুসৰি, আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অনুসৰি প্ৰাৰ্থীৰ বয়স হ’ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত।
প্ৰাৰ্থীসলকলে আবেদনৰ যোগ্যতা, বয়সৰ সীমা, বেতন, আবেদন পদ্ধতি, কামৰ স্থান, খালী পদৰ সংখ্যা, আবেদন জমা দিয়াৰ তাৰিখসহ অন্যান্য বিষয়সমূহ বিস্তাৰিতভাৱে জানিবলৈ তলত দিয়া লিংকটো চাব পাৰে।
India-Post-Office-63e2107680825 ।
Discussion about this post