হাৰ্ভাৰ্ড ল স্কুলৰ দ্বিতীয় বৰ্ষৰ আইন বিভাগৰ ছাত্ৰী অপ্সৰা এ আয়াৰে হাৰ্ভাৰ্ড ল’ ৰিভিউৰ ১৩৭ সংখ্যক সভানেত্ৰী পদত অধিষ্ঠিত হৈছে।
অপ্সৰা এ আয়াৰ হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় আমেৰিকান মহিলা ।
সোমবাৰে দ্য হাৰ্ভাৰ্ড ক্ৰিমছনত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা হাৰ্ভাৰ্ড ল’ ৰিভিউৰ ১৩৭ সংখ্যক সভানেত্ৰী পদত অধিষ্ঠিত হৈছে অপ্সৰা আয়াৰ ।
১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা ল ৰিভিউ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত আইনী বৃত্তি প্ৰকাশনসমূহৰ ভিতৰত অন্যতম। সংস্থাটোৰ পূৰ্বৰ সম্পাদকসকলৰ ভিতৰত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ষ্টিফেন ব্ৰেয়াৰ, কেটাঞ্জি ব্ৰাউন জেকচন ’৯২, আৰু ৰুথ বেডাৰ গিন্সবাৰ্গৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা।
আয়াৰে দ্য ক্ৰিমছনৰ প্ৰতিবেদনত কয় যে ল’ ৰিভিউৰ সভানেত্ৰী হিচাপে তেওঁৰ লক্ষ্য হৈছে “প্ৰবন্ধ পৰ্যালোচনা আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়াত অধিক সম্পাদকক অন্তৰ্ভুক্ত কৰা আৰু “উচ্চমানৰ” কামৰ বাবে প্ৰকাশনটোৰ সুনাম বজাই ৰখা।”
Discussion about this post