নতুন দিল্লীঃ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে কৰ্ণাটকৰ টুমাকুৰুত হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ. এ. এল.) হেলিকপ্টাৰ কাৰখানা ।
লগতে হেলিকপ্টাৰ কাৰখানাত নিৰ্মিত এখন লাইট ইউটিলিটি হেলিকপ্টাৰো উন্মোচন কৰে।
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কৰ্ণাটক উদ্ভাৱন আৰু প্ৰযুক্তিৰ দেশ হৈ আহিছে। ইতিমধ্যে ৰাজ্যত ড্ৰোন আৰু তেজস বিমান নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ভাৰতে এছাল্ট ৰাইফল, এয়াৰক্ৰাফ্ট কেৰিয়াৰ, আৰু যুঁজাৰু বিমান নিৰ্মাণ কৰি থকাৰ বাবে আমি লাহে লাহে আত্মনিৰ্ভৰশীল হৈ পৰিছো।”
Discussion about this post