ইউনাইটেড আৰৱ এমিৰেটছৰ ‘আমেৰিকান হস্পিতাল’ চিকিৎসালয়ত পাকিস্তানৰ প্ৰাক্তন সামৰিক শাসক পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত মৃত্যু।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, পাৰভেজ মুছাৰফে বিগত কিছু দিন ধৰি এমিলইডছিচ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল । শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্ত্তি কৰাবলগীয়া হৈছিল নেতাগৰাকীক ।
প্ৰথমে সেনাধক্ষ্যৰ পৰা ১৯৯৯ চনৰ সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ ৰাষ্ট্ৰপতিৰ গাদীত বহিছিল মুছাৰফ আৰু ২০০৮ চনত পদত্যাগ কৰিছিল।। এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ গৰাকী আছিল ৰাষ্ট্ৰপতি মুছাৰফ । পাকিস্তানৰ ৰাজনীতিৰ সকলো উত্থাপ-পতনেই একপ্ৰকাৰ পৰিলক্ষিত কৰিছিল নেতা জনে ।
Discussion about this post