শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে।
ইতিমধ্যে ৰাজ্যজুৰি ৰজু হৈছে প্ৰায় ৪০৭৭ টা গোচৰ আৰু শুক্ৰবাৰৰ সন্ধিয়ালৈ আটক হৈছে প্ৰায় ২০৪৪ গৰাকী অবৈধ স্বামী ৷
ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা মানকাচৰৰ ঝাউদাঙা পূবেৰ গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ ৷ মহিলা গৰাকী নাম খুচবু বেগম । ১২ বছৰ বয়সতে বিয়া হৈছিল ২ টা সন্তানৰ মাতৃগৰাকীৰ ।
খুচবু বিবাহপাশত আবদ্ধ হৈছিল ২০১২ চনত মনোজ মিঞাৰ সৈতে । দুবছৰ পূৰ্বে ক’ভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।
কিন্ত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে কৰা অভিযানত পিতৃ- মাতৃ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আত্মহননৰ দৰে চৰম পন্থা বাচি লয় খুচবুয়ে।
Discussion about this post