আমূলে পুনৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰে প্ৰতি তিনিটকাকৈ বৃদ্ধি কৰে।
উল্লেখ্য যে,গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনৰ আমুল ব্ৰেণ্ডৰ অধীনস্থ আমুলৰ সতেজ,গল্ড আৰু শক্তি ব্ৰেণ্ডৰ গাখীৰৰ মূল্য ইয়াৰ পূৰ্বে অক্টোবৰত বৃদ্ধি কৰিছিল দুটকাকৈ ৷
পুনৰ তিনিমাহৰ অন্তত তিনিটা ব্ৰেণ্ডৰে গাখীৰৰ মূল্য বৃদ্ধি কৰে প্ৰতি লিটাৰত তিনিটকাকৈ ৷ নতুন দামৰ বৃদ্ধিকৰণৰ পাছত আমুল গল্ডৰ মূল্য হ’ব ৬৬ টকা ৷ আনহাতে আমুল ফ্ৰেছৰ এতিয়া প্ৰতি লিটাৰত ৫৪ টকা হোৱাৰ বিপৰীতে আমুল গৰুৰ গাখীৰ মূল্য হ’বগৈ ৫৬ টকা। আমুল ম’হৰ গাখীৰৰ প্ৰতি লিটাৰত মূল্য হ’ব ৭০ টকা ৷
এই নতুন মূল্য বৃদ্ধি ফেব্ৰুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব বুলি সদৰি কৰিছে আমুল কৰ্তৃপক্ষই ৷
Discussion about this post