কৰদাতাসকলৰ বাবে বৃহৎ সকাহ ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটত ।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত নতুন আয়কৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি ৭ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ ওপৰত কোনোধৰণৰ কৰ দিব নালাগে বুলি ঘোষণা কৰে। পূৰ্বে কৰ ৰেহাইৰ সীমা আছিল পাঁচ লাখ।
উল্লেখ্য যে যিসকলৰ আয় ৭ লাখ টকা পৰ্যন্ত হ’ব, তেওঁলোকে এটকাও কৰ দিব নালাগে, কিন্তু যদি তেওঁলোকৰ আয় ৭ লাখৰ পৰা এটকাও বৃদ্ধি পায়, তেতিয়া তেওঁলোকে দিব লাগিব কৰ আৰু সেই কৰৰ পৰিমাণ এক টকাৰ ওপৰত নহয় বৰঞ্চ ৩ লাখৰ ওপৰৰ সমগ্ৰ আয়ৰ ওপৰত দিব লাগিব।
অৰ্থাৎ যিসকলৰ আয় ৭ লাখতকৈ অধিক, তেওঁলোকে নতুন আয়কৰ ব্যৱস্থাৰ অধীনত ৩ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো ধৰণৰ কৰ দিব নালাগিব। কিন্তু আয় ৭ লাখৰ ওপৰলৈ গ’লে ৩ৰ পৰা ৬ লাখৰ স্লেবত ৫% কৰ দিব লাগিব৷
একেদৰে ৬ৰ পৰা ৯ লাখ টকাৰ স্লেবত ১০ শতাংশ আয়কৰ, ৯ৰ পৰা ১২ লাখ টকাৰ স্লেবত ১৫ শতাংশ, ১২ৰ পৰা ১৫ লাখ টকাৰ স্লেবত ২০ শতাংশ আৰু ১৫ লাখ টকাৰ ওপৰৰ উপাৰ্জনকাৰীয়ে ৩০ শতাংশ আয়কৰ দিব লাগিব।
Discussion about this post