২ ফেব্ৰুৱাৰী আজিৰে পৰা জি-২০ সন্মিলনৰ প্ৰথম বৈঠক । ৰাষ্ট্ৰৰ ৯১ জন প্ৰতিনিধিৰ দল অসমত আহি উপস্থিত হৈছে । চৌদিশে লাইট, সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰে এক নতুন ৰূপত গুৱাহাটী মহানগৰীক সজাই-পৰাই তোলা হৈছে জি-২০ বৈঠকৰ বাবে ।
জি-২০ সন্মিলনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব গুৱাহাটীত থকা Radisson Blu হোটেলত । ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ বিষয়বস্তুৰে অনুষ্ঠিত কৰা এই সন্মিলনত এইবাৰ সভাপতিত্ব কৰিব ভাৰতে । তাৰেই পৰিপ্ৰেক্ষিতত অসমতো অনুষ্ঠিত কৰা হ’ব বৈঠক ক্ৰমে –
২-৩, ৬-৮ ফেব্ৰুৱাৰী ২০২৩ গুৱাহাটীত
১৩-১৫ মাৰ্চ ২০২৩ গুৱাহাটীত
৩-৫ এপ্ৰিল ২০২৩ গুৱাহাটীত
২৪-২৫ মাৰ্চ ২০২৩ ডিব্ৰুগড়ত
২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বৈঠকৰ বিষয়বস্তু হৈছে ‘বহনক্ষম বিত্ত‘ । এই বৈঠকৰ পাচতেই প্ৰতিনিধি দলটোৱে ভ্ৰমণ কৰিব অসমৰ বস্ত্ৰ নগৰী শুৱালকুছি ।
Discussion about this post