পুনৰ এবাৰ মূল্যবৃদ্ধিৰ মাধমাৰৰ সন্মুখীন হ’ব অসমবাসী। এইবাৰ অত্যাৱশ্যকীয় সামগ্ৰী নহয় বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাচুলৰ নামত এক ফেব্ৰুৱাৰিৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
FPPAA-ৰ অধীনত প্ৰতি ইউনিটত ৫০ পইচাকৈ মূল্য বৃদ্ধি কৰা বুলি মন্তব্য কৰি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই সংবাদ মাধ্যমৰ আগত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ অচিলা দেখুৱাই বিদ্যুত মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে।
তেওঁ লগতে কয়, ‘আপোনালোকে জানে বৰ্তমান চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। গতিকে তাত প্ৰত্যক্ষ বা পৰোক্ষ্যভাৱে ইন্ধনৰ মূল্য বৃদ্ধি হ’লে আন দেশটো ইয়াৰ প্ৰভাৱ পৰে’।
Discussion about this post