অসমৰ জনপ্রিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৫৪ বছৰত ভৰি দিয়ে। তদুপলক্ষে মঙলবাৰে মাজনিশা মুখ্যমন্ত্ৰীৰ অনুৰাগী আৰু অনুগামীসকলে জন্মদিনৰ শুভেচ্ছা জনাবলৈ মুখ্যমন্ত্রী গৰাকীৰ বাসগৃহত একত্ৰিত হয়।
ইয়াৰ লগতে, ৰাজ্য আৰু দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলে মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জনায়। জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড° শৰ্মাই মনৰ কথা ব্যক্ত কৰি কয় যে, “ইমান বৃহৎ সংখ্যক অনুৰাগী পাই মই ধন্য আৰু মই মোৰ জন্মদিনত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো।”
ইপিনে, মুখ্যমন্ত্ৰী গৰাকীয়ে বুধবাৰে জন্মদিন উপলক্ষে ফাঁচী বজাৰৰ ফুট অভাৰ ব্ৰীজ উদ্বোধন কৰিব।
Discussion about this post