কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত এক সভা সম্বোধন কৰে।এই সময়ত তেওঁ যাত্ৰাৰ সময়ত লগ পোৱা চাৰিটা শিশুৰ কাহিনী বৰ্ণনা কৰে । তেওঁ কয় যে তেওঁলোক ভিক্ষাৰী আছিল আৰু তেওঁলোকৰ গাত কোনোধৰণৰ গৰম কাপোৰ নাছিল। জাৰত কঁপি আছিল। তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাত্ৰাৰ সময়ত মইও গৰম কাপোৰ পিন্ধা নাছিলো।
ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে। গান্ধীয়ে কয় যে ”মই লৰা ছোৱালী কেইটাক দেখি ভাবিছিলো যে তেওঁলোক ভোকতো আছিল। তেওঁলোকে গৰম কাপোৰ পিন্ধা নাই গতিকে মইও পিন্ধিব নালাগে”।
Discussion about this post