আজি কাৰ্যকাল অন্ত পৰিব ভাস্কৰ জ্যোতি মহন্তৰ।
আজিৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰদান জি পি সিঙে।
বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪.৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰিব।
ইফালে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হ’ব স্বতন্ত্ৰ অসম আৰক্ষী বেটেলিয়েনত। এই বিদায়ী পেৰেড পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে।
বিদায়ৰ আগ দিনা ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে । ডিজিপি হিচাপে তেওঁ অংশ লোৱা এইটোৱেই অন্তিম অনুষ্ঠান।
কৰ্তব্য সম্পাদন, চিকিৎসা, প্ৰশিক্ষণ আদি কাৰণত আৰক্ষীৰ বহু লোক গুৱাহাটীলৈ আহে কিন্তু তেওঁলোক থাকিবলৈ ইয়াৰ পূৰ্বে বিশেষ ব্যৱস্থা নাছিল । এই বিশ্ৰামালয় নিৰ্মাণে সেই অভাৱ দূৰ কৰিব।
Discussion about this post