The Eye is the Jewel of the Body..
আপুনি জানেনে ? যে বাতাবৰণ পৰিস্কাৰ হ’লে ৰাতিৰ আন্ধাৰত মানুহৰ চকুৱে বাইশ (২২) কিলোমিটাৰ দূৰৈত অৱস্থিত জ্বলন্ত মমৰ শিখা এডাল স্পষ্টকৈ দেখা পাই।
প্ৰকৃতিয়ে আমাৰ চকু কেইটা এনেকুৱাকৈ বনাইছে যে যিকোনো সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হ’লে যেনে:-“চকুৰ মণিত ৰঙা দাগ পৰা আদি” সেইয়া চকুৰ কাৰ্নিয়াই (Cornea) দুদিনৰ ভিতৰত নিজেই ঠিক কৰি ল’ব পাৰে !
আমাৰ চকুৱে যেতিয়া বাহিৰৰ পৃথিৱীখন চাই তেতিয়া চকুৰ ৰেটিনাত দৃশ্যবোৰে ওলোটাকৈ অৰ্থাৎ upside down হৈ ধৰা দিয়ে আৰু আমাৰ মগজুৱে চিধাকৈ Entertained কৰাই ।
নৱজাত শিশু এটাই যেতিয়া কান্দে চকু পানী নোলাই, জন্মৰ পাঁচ-ছয় সপ্তাহৰ পিছতহে চকু পানী উলিয়াই কান্দে । আৰু এটা Amazing Fact হ’ল শিশু এটাই জন্মৰ সময়ত সকলো বস্তু black and white দৰেই দেখে ।তেওঁলোকৰ বাবে তেতিয়া গোটেই পৃথিৱীখনেই Black and white নিচিনা লাগে ।
মানৱ দেহৰ চকুৰ কাৰ্নিয়াই এনে এক অংগ য’ত কোনো ৰক্ত বাহিকা সিৰা নাই আৰু সেইয়ে কাৰ্নিয়াক অক্সিজেনৰ প্ৰয়োজন নাই । মানুহ আৰু চাৰ্কৰ চকুৰ কাৰ্নিয়া একেই ধৰণে গঠিত বাবে চাৰ্জাৰীৰ দ্বাৰা চাৰ্কৰ কাৰ্নিয়া মানুহৰ কাৰ্নিয়াৰ লগত সলনি কৰিব পাৰি ।
আমি বাহিৰৰ পৃথিৱীখনক চাই যি স্মৃতি স্মৰণ কৰোঁ তাৰে আশী শতাংশই আমাৰ চকু দুটিৰ দ্বাৰা সম্ভৱ হয় ।দেখিবলৈটো ই মাত্ৰ আঠ গ্ৰামৰ গোটা মাৰ্বলটোৰ দৰে । কিন্তু আমাৰ চকুটো প্ৰায় দুই মিলিয়ন parts ৰে সৃষ্টি হৈছে । যদি আপুনি আপোনাৰ চকুটো magnified কৰি চাই তেন্তে প্ৰায় 20 lakh parts দেখা পাব । এই সকলোখিনিয়েই মিলি কাম কৰি আছে আমাক দৃষ্টি দিবলৈ । ব্ৰেইনৰ পিছতে চকুযুৰিকে আমাৰ শৰীৰৰ আটাইতকৈ জটিল অংগ বুলি মানি লোৱা হয় ।
মানুহে এবাৰত প্ৰায় ০.৪ ৰ পৰা ০.৫ চেকেণ্ড সময় লৈকে চকু টিপ মাৰে । যেতিয়া আপুনি চকু টিপ মাৰে অৰ্থাৎ blink কৰে তেতিয়া আন্ধাৰত থকা হয় কিন্তু ই ইমান কম সময়লৈ হয় যে সেইয়া আমি গমকে নাপাওঁ । আৰু যদি আমি নম্বৰৰ কথা কওঁ তেন্তে এদিনত আমি প্ৰায় আঠাইশ হাজাৰ বাৰ চকু টিপ মাৰো । আনহাতে আমাৰ চকুৱে দহ মিলিয়ন অৰ্থাৎ এক কোটি ৰং চিনিব পাৰে । এই অগণন ৰংৰ ভিতৰত কিছুমান এনেকুৱা ৰংও আছে যি আমাৰ চকুৱে ধৰিব নোৱাৰে ।
আমি সদায় চকুযুৰিৰ যত্ন লব লাগে সতেজ কৰি ৰাখিব লাগে। লগতে কিছুমান নিয়ম পালন কৰিব লাগে।
ফল আৰু পাচলি : চকু ভালে ৰাখিবলৈ গাজৰ বেছিকৈ খাব। লগতে অন্যান্য সেউজীয়া শাক-পাচলি, বাদাম আৰু কমলা প্ৰচুৰ পৰিমাণে খাব। এই সকলোবোৰ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ।
অ’মেগা-৩ ফেটি এচিড় : চকু ভালে ৰাখিবলৈ অ’মেগা-৩ ফেটি এচিড সমৃদ্ধ মাছ বেছিকৈ খাব লাগে।
ওজন হ্রাস : মেদবহুলতায়ো চকুৰ ক্ষতি কৰিব পাৰে৷ শৰীৰৰ অত্যধিক ওজনৰ বাবে মধুমেহৰ আশংকা বৃদ্ধি পায়। মধুমেহত আক্রান্ত হলে চকুৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। সেয়ে ওজন হ্রাস কৰাৰ চেষ্টা কৰিব।
ধূমপান ত্যাগ : ধূমপানে শৰীৰৰ বিভিন্ন অংগৰ লগতে চকুৰো ক্ষতিসাধন কৰে। চকুৰ ৰেটিনা ক্ষতিগ্রস্ত হয়। ফলত চকুত ছানি পৰে। ইয়াৰ উপৰি চকুৰ স্নায়ু ক্ষতিগ্রস্ত হয়। সেয়ে চকু ভালে ৰাখিবলৈ বিচাৰিলে ধূমপান ত্যাগ কৰক।
আলট্রা-ভায়’লেট প্রটেক্চন : খালী চকুৰে কেতিয়াও সূৰ্যৰ ফালে চোৱা উচিত নহয়। কাৰণ সূৰ্যৰ আল্ট্রা ভায়’লেট বে’ বা অতি বেঙুনীয়া ৰশ্মিৰ বাবে ৰেটিনা মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হয়। ৰ’দত বাহিৰলৈ ওলালে ছানগ্লাছ বা স্পৰ্টছ গগল্ছ পৰিধান কৰিব লাগে।
চকুত পানী মৰা, গোলাপ জলেৰে চকু ধোৱা : প্রতিদিনে ১০ – ১৫ বাৰ চকুত পানী ছটিয়াব লাগে। ইয়াৰ দ্বাৰা চকু ঠাণ্ডা হৈ থাকে। চকুৰ আৰ্দ্ৰতা বাঢ়ে আৰু ৰক্ত সঞ্চালনো বৃদ্ধি পায়। কিন্তু চকুত কেতিয়াও বৰ্ফ নলগাব আৰু গৰম পানী নামাৰিব।
পর্যাপ্ত পৰিমাণৰ নিদ্ৰা : প্রতি নিশাৰ পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰাই চকু সুস্থ কৰি ৰাখে। টোপনিত থকা অৱস্থাত চকুৰ পেশীবোৰ শিথিল হৈ পৰে আৰু সতেজ হৈ উঠে। কিন্তু কম পৰিমাণৰ টোপনিৰ ফলত চকুৰ পেশীত প্ৰদাহৰ সৃষ্টি হ’ব পাৰে।
জিৰণি : দীৰ্ঘসময় লিখা-পঢ়া কৰা সময়ত ২-৪ ছেকেণ্ড চকু পতা জপাই চকু জিৰণি দিয়াটো খুবেই প্ৰয়োজন প্ৰত্যেক তিনি বা চাৰি মিনিটৰ ভিতৰত। ছাত্ৰ-ছাত্ৰীসকলে দৃষ্টিৰ অসুবিধা পাব পাৰে লিভাৰৰ দোষ থাকিলেও আৰু সেই ক্ষেত্ৰত লিভাৰৰ যত্ন লোৱাটো দৰকাৰী আৰু চকুৰো।
সোনকালে শুৱাৰ পৰা উঠা : পুৱা সোনকালে উঠিব লাগে আৰু সূৰ্য উদয় হোৱা ৪-৫ মিনিট প্ৰত্যক্ষ কৰিব লাগে আৰু ৮-৯ বজাত সূৰ্যটো ৫-৬ মিনিটৰ বাবে চকু বন্ধ কৰি চাব লাগে। আৰু তাৰ পাছত হাত দুখন মোহাৰি চকুৰ পতাত লগাব লাগে, ছাঁত গৈ ১-২ মিনিটৰ বাবে চকু জিৰণি দিব লাগে আৰু তাৰ পাছত পানীৰে চকু দুটা ধুই দিব লাগে।
আয়ুৰ্বেদৰ মতে, বায়ু, অগ্নি আৰু বৰুণৰ কাৰ্যকাৰিতা ঠিক মতে নহ’লে চকুৰ সমস্যাই দেখা দিয়ে। সেয়ে আমি আমাৰ অমুল্য চকুযুৰিৰ ভালদৰে যত্ন ৰাখিব লাগে যাতে পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰি আমি শান্তি লাভ কৰিব পাৰো আৰু আমাৰ প্ৰয়োজনীয় কাম-কাজ নিয়াৰিকৈ কৰি যাব পাৰো।
Discussion about this post